মিছিং_ৰেছিপী #পৰম্পৰাগত ,#সোৱাদযুক্ত আমাৰ মিছিং জনজাতি সকলৰ আলি আই লিগাং নতুনবা অন্য ধৰ্মীয় অনুষ্ঠানত এইবিধ ব্যঞ্জন প্ৰসাদ ৰুপে ইষ্ট দেৱতাৰ বাবে আগবঢ়াই ৷ বৰ সোৱাদলগা থলুৱা কুকুৰা , পিঠাগুৰি আৰু মচুৰ দাইলৰ সংমিশ্ৰণত এইবিধ ৰেছিপী বনোৱা হয় ৷
#ৰিছিপীঃ ( ক) উপকৰনঃ ১:- কুকুৰা মাংস ২৫০ গ্ৰাম ২:_ পিঠা গুড়ি- আধা কাপ ৩:-আদা,নহৰু থেতেলিয়াই লোৱা - ২চামুচ ৪ . মচুৰ দাইল এমুঠি ( তিয়াই থব ) ৫:- নিমখ ,হালধী ৬:- ডাঙৰ পিয়াজ এটা পাতলীয়া কৈ চকলিয়াই লোৱা ৭:- সৰিয়হ তেল- ২ টেবুল চামুচ ৮:- কেছাঁ জলকীয়া--৪/৫টা ৯:- মান ধনীয়া পাত #
প্ৰণালীঃ কেৰাহি তেল গৰম কৰি পিয়াজ , ,জলকীয়া ফালি দি ৰঙচুৱা কৈ ভাজি লব ৷ মাংস কেৰাহিত লগাই দি ভাজি লব ৫ মিনিট মান ৷ নিমখ হালধি দিব তাৰ পাচত মচুৰ দাইল খিনিও দি ভাল দৰে লৰাই ভাজিব আকৌ ৫ মিনিট মান । মাজে মাজে ঢাকোন দিব৷ তাৰ পিচত দুকাপ পানী দি উতলিবলৈ দি ঢাকোন মাৰি সিজিবলৈ দিব, ১৫/২০ মিনিট পিছত সিজা হলে . জুই একেবাৰে কম কৰি ( Stem) পিঠা গুড়ি খিনি দিব অলপ অলপ কৈ দি থাকিব যাতে কেৰাহিত লাগি নাযায় , ভালকৈ লৰাই থাকিব ৷ ডাঠ হবৰ বাবে অকমান সময় ঢাকোন মাৰি দিব। ৫ মিনিট মান পিছত নমাই মান ধনীয়া পাত ওপৰত দি ভাতৰ লগত পৰিবেশন কৰিব ৷
মানস জ্যোতি
Comments
Post a Comment