Nonveg
#সৰুমিচামাছ (সহজ ভাজি)
ধুন্দুলি দুটা চুচ আঁতৰাই মিহিকৈ কাটি ললো , পিঁজাৰ এটাও মিহি কৈ কাটি ললো ।অলপ আদা ,নহৰু থেতালী ললো ( নিদিলেও একো নাই )। কেৰাহিত তেল গৰমাই সৰু মিচামাছখিনি নিমখ হালধি দি ভাঁজি নমাই ৰাখিলো । সেই কেৰাহিতে আৰু তেল গৰম কৰি কুটি ৰখা পিয়াঁজ , আদা নহৰুৰ পেষ্ট ,কেঁচা জলকীয়া দুটা ফালি দি অলপ ভাজি ধুন্দুলিখিনি দি হালধি ,সোৱাদ মতে নিমখ দি ভাজি থাকিলো । ভাজি ভাজি যেতিয়া ধুন্দুলি খিনিৰ পৰিমাণ কমি আহিছে তেতিয়া ভাজি ৰখা সৰু মিচামাছখিনি দিলো। নমোৱাৰ আগে আগে অলপ ধনীয়া পাত কাটি দিছো ।
👩🍳 Dhira S Borah
সৰু মিচামাছ |
Comments
Post a Comment