চুঙাপিঠা

চুঙাপিঠাৰ কাৰনে____

#বৰা চাউল ১কেজি(দুঘন্টামান তিয়াই থোৱা)

#বাহৰ চুঙা দুটা তিনিটামান(আগ কেইটা অলপমান এধলীয়াকে কটা আৰু ভিতৰটো ভালকে চাফা কৰি লোৱা)


#পদ্ধতি~~~


~বৰাচাউলখিনি দুঘন্টামান সময় তিয়াই থলো।তাৰপিছত ভালদৰে ধুই অলপ পানীৰে সৈতে ৰাখিলো।বাঁহৰ চূঙাকেইটা ভালদৰে ধুই মুখ কেইখন কাটি ললো।এতিয়া অলপ অলপকে চাউল ভৰাই লৈ অলপমান পানীও দিলো,তাৰপিছত খেৰ কেইডালমানেৰে চূঙাটোৰ মুখ খন টানকৈ বন্ধ কৰি দিলো।বাহিৰত  জুই একুৰা ধৰি তাত দুটামান ইটা জাপি ওখ কৰি লৈ চূঙাকিটা এধলীয়াকে দি দিলো ।প্ৰায় পন্চলিশ মিনিট মান সময় চুঙাকিটা ইলুটি সিলুটি কৰি দিয়াৰ পিছত জুইৰপৰা আতৰাই ৰাখিলো আৰু ঠান্ডা হোৱাত চুঙা কিটা কাটিলো(মই ৰাতিয়েই চুঙাকিটা পুৰি থৈছিলো)।ঠান্ডা কৰি কাটিলে চুঙাত চাউল লাগি নধৰে।বাহৰ পুৰা গোন্ধটো যে বহুত ভাল লাগে পায়☺

চুঙাপিঠা

#দৈ ৰ কাৰনে মই গাখীৰ মাটিৰ মলাত ৰাখিছিলো(ঘৰৰে গৰুৰ গাখীৰ আছে আমাৰ)।চাৰিদিনৰ দিনা গাখীৰ খিনি চাইয়েই লোভ লাগি গল।গাখীৰ খিনি চৰিয়া এটাত বাকিলো।

চুঙাৰ পৰা চাউলখিনি কাটি টুকুৰা টুকুৰকে কাটি লৈ দৈত অলপ চেনি সানি ললো আৰু খালো তৃপ্তিৰে|

চুঙাপিঠা
Jitumoni Borah

Comments