১.বিলাহীৰে শ'লমাছ
২.মিহলি দালি
৩.পিয়ালী পালেংৰ সৈতে পনীৰ
৪.তিঁয়হৰ চাইনীজ চালাদ
৫.টেঙা মৰা গাহৰি গ্ৰেভি
৬. গাহৰি ফ্ৰাই
৭.আপেল আঙুৰৰ চাটনি
মাছৰ আঞ্জা : বিলাহী চাৰিটা কুটিলো , আলু দুটা বয়ল কৰি ললো । মাছ ভাজি কাঢ়ি লৈ তেলত কেঁচা জলকীয়া আৰু পাঁচ ফোৰণ দি আলু ভাজিলো । ভাজি থাকোতেই নিমখ , হালধি দিলো ভালকৈ আলু ভাজ খাই গুৰি হোৱাত বিলাহী দি ঢাকোন মাৰি আকৌ ভাজিলো , তেল এৰালৈকে । মাছ আৰু গৰম পানী দি উতলিবলৈ দি পানী কমি অহাত বন্ধ কৰি থলো ।
পিয়ালী পালেংৰ লগত পনীৰ : পালেং ডাঙৰ এমুঠি ৩ মিনিট বয়ল কৰি টুকি বৰফ দিয়া পানীত দিলো । ঠাণ্ডা হোৱাত দুটা কেঁচা জলকীয়া লগত মিক্সিত পেষ্ট বনাই ললো । পেন এখনত বাটাৰ ৩ চামুচ দি জিৰা , নহৰু ৫ ফোটা কুটি লোৱা , আদা অকণমান কুটি লোৱা একেলগে দিলো । ৰঙচুৱা হোৱাত পেষ্টটো দিলো , নিমখ জোখমতে , নামমাত্ৰ ধনিয়া আৰু জিৰা গুৰি , দি ৪ মিনিট কম জুইত ভাজি পনীৰ দিলো । পানী অলপ ঘন হোৱাত ক্ৰীম ২ চামুচ দি লৰাই দিলো ।একেবাৰে শেষত বাটাৰ একচামুচ দি নমাই থলো ।
টেঙামৰা গাহৰি মাংস :মাংস ধুই বয়ল কৰি ললো । টেঙা মৰা পাত এমুঠি কুটি থলো । পিয়াঁজ দুটা , নহৰু আদা খুন্দা চাৰিচামুচ , কেঁচা , পকা জলকীয়া ৫ টা ফালি ৰেডি কৰি ললো । কেৰাহীত সামান্য পৰিমাণে তেল দি গৰম কৰি লৈ পিঁয়াজ , জলকীয়া , নহৰু-আদা দি অকণ ভাজি জিৰা , ধনিয়া , হালধি , জলকীয়া গুৰি নিমখ দি ভাজ খোৱাত গৰম পানী ডেৰকাপ দি মচলা গলাই ললো । মচলা গলি তেল ওলোৱাত মাংস দি কম জুইত ভাজি থাকিলো । মাংস ৰঙচুৱা হোৱাত টেঙামৰাৰ পাত দি ঢাকোন মাৰি সিজালো । পাত খিনি গলি যোৱাত নমাই থলো ।
গাহৰি ফ্ৰাই : ওপৰত দিয়াৰ দৰেই বনালো ইয়াত টেঙামৰা পাত দিয়া নাই বাকী একেই । অলপ বেছি সময় ভাজিলো ।
আপেল , আঙুৰৰ চাটনি বা টক্ : আপেল এটা , আঙুৰ ১৫ টা সৰু সৰুকৈ কাটি ললো । কিচমিচ এমুঠি তিয়াই থলো । গুৰ এককাপ পানীত মিহলাই চেকি লৈ কেৰাহীত গৰম কৰিলো উতলিবলৈ দি তাতে জিৰা , জালুকৰ গুৰি , জলকীয়া গুৰি , সামান্য নিমখ , অকণমান ইলাচীৰ গুৰি দিলো , এতিয়া আপেল , আঙুৰ আৰু কিচমিচ দি মধ্যমীয়া জুইত উতলাই থাকিলো আৰু ঘন হোৱাত নমাই থলো ।
তিয়ঁহৰ চাইনীজ চালাদ : তিয়ঁহ দুটা কাটি ললো , পিয়াঁজ ও এটা দিছো ( নিদিলেও হয় ) কেঁচা জলকীয়া দুটা টুকুৰা কৰি ললো । এতিয়া ভিনেগাৰ দুই চামুচ , আৰু চ'য়াচচ 3 চামুচ , সামান্য নিমখ মিহলালো । ভজা তিল অলপ হাতেৰে মোহাৰি দিলো ।
Assamese food, Assamese Recipe 👩🍳 Surabi Dutta |
Comments
Post a Comment