ফ্ৰাইড_ৰাইচ আৰু ছিকেন_গ্ৰেভী

#ফ্ৰাইড_ৰাইচ  আৰু #ছিকেন_গ্ৰেভী


ফ্ৰাইড ৰাইচৰ বাবে অলপ জীৰা ৰাইচ কমকে পানী দি কুকাৰত এটা হুইছেল মৰাই সিজাই লৈছো। সেউজীয়া আৰু ক'লা লেছেৰা  ৰঙা আৰু হালধীয়া কেপছিকাম কেচা আৰু পকা জলকীয়া দুটা  ডাঙৰ পিয়াজ এটা একেলগে খুউব  মিহিকৈ কুটি ললো। কেৰাহীত অলপ ৰিফাইন তেল গৰম  কৰি পাচলি খিনি কিছু সময় অকণমান নিমখ দি ভাজিলো। তাতে সিজাই থোৱা জীৰা ৰাইচ খিনি অলপ মেগী মছলা ই মেজিক দিলো।অকণমান  নিমখ আৰু চেনী দি দুবাৰমান হেতাৰে ল'ৰাই নমালো।


ছিকেন গ্ৰেভীৰ বাবে   ছিকেন খিনি জীৰা পাউডাৰ  নিমখ হালধী আৰু মিঠাতেলৰে মেৰিনেট কৰি আধা ঘণ্টা মান ফ্ৰিজত থলো।  কেৰাহীত মিঠা তেল গৰম কৰি আদা নহৰুৰ  পেষ্ট দিলো তাৰ পাছত পিঁয়াজ আৰু দুটা আলু টুকুৰা কৰি লোৱা তাতে দি কিছুমান সময় ভাজিলো।এতিয়া মেৰিনেট কৰিব থোৱা মাংস খিনি তাতে দি আধা সিজা হোৱালৈকে ভাজিলো। এটা বিলাহী আৰু দুটা কেপছিকাম তাত কাটি দিলোঁ । মাংস সম্পূৰ্ণ সিজাত নমাই থলো। প্ৰয়োজন হ'লে অকণমান পানী দিব পাৰি।

👩‍🍳 Papori Mala Bhuyan

ফ্ৰাইড_ৰাইচ  আৰু #ছিকেন_গ্ৰেভী

Comments