কাচকলৰ_কোপ্তা_কাৰী

#কাচকলৰ_কোপ্তা_কাৰী ।

 উপকৰণ--

পূৰঠ কাচকল --২টা ।

ডাঙৰ আলু --১টা ।

কৰ্ণফ্ল'ৰ --১চামুচ ।

পিয়াজ --২টা ।

নহৰু ---৫,৬ফুট ।

আদা --অলপমান ।

শুকান জলকীয়া --২টামান ।

কাজু ,বাদাম আৰু আফুগুটিৰ পেষ্ট --১/২বাটি ।

বিলাহী --১টা ।

কেঁচা জলকীয়া --৩,৪টামান ।

গোটা জিৰা --১/২ চামুচ ।

জিৰা পাউদাৰ ,জলকীয়া গুৰি আৰু গৰম মচলা --১/২চামুচকৈ ধনীয়াপাত ---অলপমান ।

তেল ,নিমখ ,হালধি জোখমতে ।

 পদ্ধতি ---

 প্ৰথমে আলু আৰু কাচকল কেইটা সিজাই পিতিকা কৰি লৈ অলপমান মিঠাতেল দি জিৰা,পিয়াজ , জলকীয়া ,ধনীয়াপাত আৰু এচামুচ কৰ্ণফ্ল'ৰৰ সৈতে জোখমতে নিমখ দি একেবাৰে ডাঠ হোৱাকৈ ভাজি লৈ গোল গোলকৈ কোপ্তা আকাৰত সাজি ললো ।এতিয়া এটা পেনত তেল গৰম কৰি কোপ্তা কেইটা ফ্ৰাই কৰি উঠাই সেই তেলতে জিৰা আৰু শুকান জলকীয়াৰ ফুৰণ দি মিহিকৈ কটা পিয়াজ ,আৰু আদা ,নহৰু বটাখিনি ভাজিলৈ বিলাহী আৰু কাজু ,বাদাম আৰু আফুগুটিৰ পেষ্টটো দি খুব ভালকৈ ভাজি ললো ।জোখমত নিমখ হালধি দি অলপ পানী দি উতলিবলৈ দিলো ।এতিয়া কোপ্তাকেইটা দি ১০ মিনিট মান সময় সিজাই লৈ জিৰা পাউদাৰ , জলকীয়া গুৰি আৰু গৰমমচলা ১/২চামুচকৈ আৰু কেঁচাজলকীয়া কাটি দি নমাই গৰমে গৰমে পৰিবেশন কৰিলো  ।ভাত নাইবা ৰুটিৰ লগত এই ব্যঞ্জন খুবেই জুতিলগা ।

👩‍🍳 Bonti Borah Saikia

কাচকলৰ_কোপ্তা_কাৰী

Comments