# অমিতা আৰু মুৰ্গী মাংসৰ জালুকীয়া #
ৰেচিপি: কেৰাহীত তেল গৰম কৰি সামান্য পৰিমাণৰ চেনি আৰু তেজপাত দুখিলা দিব৷কাটি লোৱা পিয়াঁজখিনি দি ৰঙচুৱা হোৱালৈকে ভাজিব৷আদা,নহৰুৰ পেষ্ট দিব৷বিলাহীৰ পেষ্টখিনি দিব৷জিৰা আৰু জালুকৰ গুৰি,মিট মচালা দি পেষ্টখিনি ভালদৰে ভাজিব৷পেষ্টখিনিয়ে যেতিয়া তেল এৰিব আৰম্ভ কৰিব,তেতিয়া সৰু টুকুৰা কৰা অমিতাখিনি দিব৷
কম জুইত অলপ সময় ভাজিব৷মুৰ্গী মাংসখিনি কেৰাহীত দিব৷আন্দাজমতে নিমখ,হালধি দি ঢাকোন লগাই ভাজিব৷অলপ সময় ভজাৰ পাছত কেৰাহীত ৩ কাপ মান পানী দি সিজিব দিব৷মাংস আৰু অমিতাখিনি ভালদৰে সিজিলে নমাই পৰিবেশন কৰিব৷
অমিতা আৰু মুৰ্গী মাংসৰ জালুকীয়া 👩🍳 Chiranjeeta Borah |
Comments
Post a Comment