"শুকান মাছৰ চাতনি"
প্ৰণালী:শুকান মাছ খিনি গৰম পানীৰে ধুই লৈ সৰু সৰুকৈ কাটি ললো।এতিয়া কেৰাহীত তেল গৰম কৰি মিহিকৈ কুটি লোৱা আদা,নহৰু,পিয়াজ,কেচাঁ জলকীয়া,নিমখ,হালধী দিলো।ভজা হ'লে শুকখন মাছখিনি দি অলপ সময় ভাজি লৈ এটা বিলাহী কুটি দিলো।বিলাহী খিনি ভালকৈ সিজিলে অলপ গৰম পানী দি আটাইবোৰ বস্তু ভালকৈ মিহলি হ'বলৈ দিলো।পানী শুকাই তেল ওলাই যোৱাত নমাই থলো।তৈয়াৰ শুকান মাছৰ চাতনি।
👩🍳 Kakali Nath Gogoi
শুকান মাছৰ চাতনি |
Comments
Post a Comment