#ইডলি_ষ্টেণ্ডত_চিকেন_ম'ম'

#ইডলি_ষ্টেণ্ডত_চিকেন_ম'ম'(ঘৰুৱা আৰু সকলোতকৈ সহজ পদ্ধতিৰে ) 

 উপকৰণ: ময়দা 2 কাপ চিকেন 200গ্ৰাম(ব্ৰেষ্ট পিচ) ৰিফাইন তেল 2 চামুচ পিয়াজ তিনিটা বন্ধকবি(optional) Soya sauce 1 চামুচ জালুক গুৰি নিমখ গাজৰ(চুপৰ বাবে)

 ৰেচিপি:প্ৰথমতে চিকেনৰ পিচ বোৰ মিক্সিত দি চিকেন কীমা বনাই লব।তাৰ পাছত তাত মিহিকৈ কুটা পিয়াজ ,বন্ধকবি ,এচামুছ ৰিফাইন,soya sauce,জালুকৰ গুৰি,জোখমতে নিমখ দি ভালদৰে মিহলি কৰি লব। ময়দা খিনি এচামুছ ৰিফাইন অকণমান নিমখ দি মাৰি লব। তাৰ পাছত 15 মিনিট ৰাখিব ঢাকোন দি। লুচিত কৈ সৰুকৈ আৰু পাতল কৈ বেলি তাৰ মাজত চিকেনৰ মিশ্ৰণ ভৰাই নিজৰ পছন্দ মতে shape দিব। এতিয়া soup ৰ বাবে cooker ত পানী দি তাত ৪,৫ পিচ মান চিকেন ,জালুকৰ গুৰি,সৰুকৈ কুটা গাজৰ,পিয়াজ উতলাই লব। ইডলি ষ্টেণ্ড টো ৰিফাইন দি garnish কৰি তাত momo দি cooker ত soup খিনিৰ লগতে ভৰাই তিনিটা বা চাৰিটা whitsle দিব।cooker খুলিব পৰা হলে গৰমে গৰমে খাব |

👩‍🍳 Shilpi Sikha

Comments