চিকেন_বাতাৰ_মচলা_আৰু_তন্দুৰী_চিকেন

#চিকেন_বাতাৰ_মচলা_আৰু_তন্দুৰী_চিকেন 🍽️ 

#তন্দুৰী_চিকেন :- 5 ঘণ্টামান ফ্ৰীজত ৰখা মাংস খিনি নেমুৰ ৰস, আদা নহৰুৰ পেষ্ট,নিমখ দি 15 মিনিট মেৰিনেট কৰিলো। তাৰ পিছত অলপ মিঠাতেলত কাশ্মীৰী ৰেড চিলি, চেকণিৰে চেকি লোৱা দৈ,তন্দুৰী মচলা,নিমখ দি ফেতিলো আৰু মাংস খিনি ভালকৈ সানি 30 মিনিট মেৰিনেট কৰিলো। অভেন 220 ডিগ্ৰীত প্ৰিহিত কৰি 35 মিনিট বেক কৰিলো আৰু গৰমে গৰমে পৰিবেশন কৰিলো। 

 

#চিকেন_বাতাৰ_মচলা :- তন্দুৰী কৰিবলে দিয়া মাংস আধা সিজোতে অলপ বেলেগ কৈ ৰাখিলো বাতাৰ মচলা বনাবলৈ। গ্ৰেভীৰ বাবে অকণমান বাতাৰত কুটা পিয়াঁজ, আদা, নহৰু, বিলাহী কেইটামান, কাজু কেইটামান, কাশ্মীৰী ৰেড চিলি,লং, ইলাচি, ডালচিনি, নিমখ ,অলপ চেনি আৰু পানী দি সিজিবলৈ দিলো। তাৰ পিছত হেণ্ড ব্লেণ্ডাৰত পেষ্ট বনাই ডাঙৰ চেকণিৰে চেকি ললো। আকৌ কেৰাহীত বাতাৰ দি কুটা আদা আৰু জলকীয়া দি গ্ৰেভিখিনি দি ভালকৈ উতলিবলৈ দিলো কম জুইত। মাংস দিলো আৰু মাংস সিজাৰ পিছত সোৱাদ অনুসৰি নিমখ , ক্ৰীম ,গৰম মচলা পাউদাৰ, কচুৰী মেথি দিলো আৰু নমাই থলো। 


#ৰুমালি_ৰুটি :- একাপ ময়দা, দুই চামুচ তেল, অকণমান নিমখ দি কুহুমীয়া গাখীৰে কোমলকৈ মথি 15 মিনিটৰ বাবে ঢাকি থলো। একে জোখৰ ৰুটি বেলি এখনৰ ওপৰত এখন দি পুনৰ বেলিলো। কেৰাহী ওলোটাই গেছত গৰম কৰি ৰুটি দিলো আৰু ওলোটাই দিওঁতে দুখন ৰুটি seperate কৰি আকৌ সেকিলো। গৰমে গৰমে বাতাৰ মচলা আৰু তন্দুৰীৰ লগত পৰিবেশন কৰিলো।

Dr. Rainy Devi

Comments