#খৰিচাৰে বইল মাছ#
উপকৰণ:
১/মাছ-৫/৬টা মান(সৰু,ডাঙৰ দুয়োবিধেই ল'ব পাৰে)
২/খৰিচা (ডাঙৰ চামুচেৰে এচামুচ)
৩/গাজৰ,ফ্ৰেন্সবীণৰ টুকুৰা অলপ
৪/আদা (সৰু এটুকুৰা)
৫/নহৰু (কেইফুটামান)
৬/পিঁয়াজ (১টা)
৭/জলকীয়া(সোৱাদমতে)
৮/নিমখ(আন্দাজমতে)
৯/পানী (৩ কাপ)
১০/সুগন্ধি পাত কেইখিলামান
খৰিচাৰে বইল মাছ |
প্ৰণালী: কেৰাহীত পানী দি উতল অহাত মাছখিনি দিলো,তাৰপাছত গাজৰ,ফ্ৰেন্সবীণৰ টুকুৰাখিনি,কটা পিঁয়াজ,নিমখ,জলকীয়া দি ঢাকি দিলো।জুই মধ্যমীয়া কৰি দিলো। বইল আঞ্জাত মই হালধি নিদিওঁ। ইচ্ছা কৰিলে দিবও পাৰে।আধা সিজিলে আদা নহৰু দি খৰিচাখিনি দিলো।নমাবৰ সময়ত সুগন্ধি পাতখিনি দি পুনৰ ঢাকি দিলো।অলপ জুলীয়া কৰিলে জোলখিনি গৰম ভাতৰ লগত সানি খাই বৰ ভাল লাগে। খাই থাকোতে ছোৱালীয়ে চাৰিটা লাইক দিছে,দুটা হাতৰ আঙুলীৰে,দুটা ভৰিৰ আঙুলীৰে...👌👌👌👌হাঁহি মৰিছো।
খৰিচাৰে বইল মাছ |
👩🍳কাবেৰী খনিকৰ
Comments
Post a Comment