#চিকেন #আলু #জ্বলা #জোল।।।
মাংস খিনি আদা নহৰুৰ পেষ্ট, দুচামুচ মিঠাতেল, হালধি, জলকীয়া গুৰি, চিকেন মচলাৰে আধা ঘন্টা মেৰিনেট কৰি থলো। তেলত প্ৰথমে আলুৰ টুকুৰা ডাঙৰকৈ কটা অকণ হালধি ,নিমখ দি ভাজি উঠাই থলো।
সেই তেলতে লং, ইলাচি, ডালচেনি, শুকান জলকীয়া দি দুটা ডাঙৰ পিয়াঁজ কূটা, চেনী অকণ দি ভাজি লৈ , জিৰা গুৰি, ধনীয়া গুৰি, জলকীয়া গুৰি, চিকেন মচলা , হালধি , নিমখ দি কিছুপৰ ভাজি লৈ বিলাহী দুটা সৰুকৈ কূটা দিলো।
চিকেন আলু জ্বলা জোল।।। |
বিলাহী গলি যোৱাত মাংস খিনি দি ভাজি থাকিলো ।ঢাকোন দিলো। মাজতে কেঁচা জলকীয়া কূটা দিলো। ধুনীয়াকৈ গোন্ধ ওলোৱা ত আলুৰ টুকুৰা বোৰ দি কিছু সময় পাছত কুহুমীয়া পানী জোখত দি আকৌ ঢাকোন দিলো। জোল ঘন হৈ অহাত নমাই লৈ গৰম ভাত আৰু নেমুৰ সৈতে জুতি ললো।
চিকেন আলু জ্বলা জোল 👩🍳 Mrinali Gogoi Kalita |
Comments
Post a Comment