Grilled kuhi Mas

উপকৰণ……

 ১/মজলীয়া আকাৰৰ কুড়িমাছ এটা

২/ পদিনা আৰু নৰ সিংহৰ পেষ্ট ৫/৬ টেবুল চাামুচ

৩/জিৰা গুৰি ১ চাহ চামুচ

৪/ধনীয়া গুৰি ১চাহ চামুচ

৫/  আদা পেষ্ট ১ চাহ চামুচ

৬/নিমখ ,হালধি জোখমতে

  ৭/ নেমুৰ ৰস  ৫/৬ চাহ চামুচ

৮/ জলকীয়া গুৰি আধা চামুচ

প্ৰণালী……

    মাছটো ভালকৈ কাটি গোটাকৈ দুয়ো পিঠিয়ে ভালকৈ কচি লব । এতিয়া জিৰা,ধনিয়া, নিমখ,হালধি,আদাপেষ্ট,নেমুৰ ৰস মাছটোেত দুয়োফালে ভালকৈ সানি আধাঘন্টা মেৰিনেট কৰি থৈ দিব।এতিয়া গেছত  দিয়া গ্ৰিল -পেনত নাম মাত্ৰ  মিঠাতেল সানি মাছটো কম জুইত দুয়ো পিঠিত নৰসিংহ আৰু পদিনাৰ পেষ্ট সানি গ্ৰিল কৰিব।মাছটোৰ দুয়োপিঠিয়ে ৰঙচুৱা হ'লে নমাই পিয়াজ আৰু পুনৰ মাছটোৰ ওপৰত অলপ নেমু চেপি দি গৰমে গৰমে পৰিবেশন কৰিব।

       ৰন্ধন প্ৰণালীএকেবাৰে সহজ আৰু খাবলৈও যথেষ্ট সোৱাদ………

Aimoni Dhingia

Comments