#Fast_food #দৈ ফুচকা

ৰেচিপি👇👇

ফুচকাৰ বাবে

ময়দা -১কাপ

চুজি-১কাপ

চ'ডা-আধা চামুচ

#ফিলিংৰ বাবে

আলু-২টা (মধ্যমীয়া)

বাদাম-একমুঠি

সিজোৱা বুট-১কাপ

মান ধনীয়া-৩/৪খিলা

নিমখ-প্ৰয়োজনমতে

ক'লা নিমখ-নামমাত্ৰ

মছলা -২চামুচ

(মছলা লং,জিৰা,ধনীয়া,শুকান জলকীয়া একেলগে  খুন্দি নিজে তৈয়াৰ কৰা)

#প্ৰণালী

ময়দা আৰু চুজিৰ মিশ্ৰনটো অলপ পানী দি মঠি লব কোমল নকৰিব ১৫মিনিটমান ৰাখি ভালকৈ মঠি  ডাঙৰকৈ ৰুটিৰ দৰে বেলি (বেছি ডাঠ নকৰিব পাতল হলেহে ভাল হয়) গিলাছ এটাৰে সৰু সৰুকৈ কাটি লৈ তেলত ভাজিব ফুচকা ৰেডি ফিলিংৰ বাবে ৰেডি কৰি লোৱা সামগ্ৰীখিনি মিলাই ভালকৈ সানি শেষত তেতেলি পানী অলপ দি দিব তেতিয়া সোৱাদটো আৰু ভাল হব


#তেতেলি পানীৰ বাবে

তেতেলী-১০ফুট পানীত খচি ৰস ওলিয়াই ২চামুচ গুৰ,ক'লা নিমখ নামমাত্ৰ,নিমখ অলপ,মছলা ১চামুচ শুকান জলকীয়া গুৰি ১চামুচআৰু মান ধনীয়া ২/৩খিলা কুটি লব

#দৈ একাপত ক'লা নিমখ এচিকুট,নিমখ নামমাত্ৰ চেনি ১চামুচ দি নামমাত্ৰ পানী দি মিলাই লব

#নৰসিংহৰ চাতনিৰ বাবে

নৰসিংহৰ কোমল পাত এমুঠি কেইফুটমান নহৰু আদা অকনমান দি মিক্সিত পিচি লব 

এতিয়া ফুচকাত প্ৰথমে আলুৰ মিশ্ৰন,নৰসিংহৰ চাতনি,দৈ,ভূজিয়া অলপ আৰু টমেট চচ দি পৰিবেশন কৰক সোৱাদ অপূৰ্ব..... মই পৰিবেশনৰ বাবে ৩টা গিলাছত দৈ,তেতেলিৰ পানী,আৰু নৰসিংহৰ চাতনি ব্যৱহাৰ কৰিছো


Devajani Saikia

Comments