Egg Curry with jackfruit seeds
কঠাল গুটি আৰু কণীৰ কাৰি-
পদ্ধতি :- কণী কেইটা আৰু কঠাল গুটি বেলেগে বেলেগে সিজাই ললোঁ।কণী ৰ বাকলি গুচাই লৈ নিমখ হালধি লগাই সোনালী হোৱাকৈ ভাজি ল'লো।
কেৰাহীত তেল গৰম কৰি পিয়াজ ৰঙচুৱাকৈ ভাজি লৈ নহৰু আদা বতা জলকীয়া বতা খিনি দি ভাজি লৈ তাত জিৰা গুৰি, ধনিয়া গুৰি, জলকীয়া গুৰি আধা চামুচ দি জোখ মতে নিমখ হালধি দি কিছু সময় ভাজি তাতে সিজোৱা কঠাল গুটি খিনি দি ভালকৈ ভাজিলো। এতিয়া ভজা কণী কেইটা দি ভাজি পৰিমাণ অনুসৰি কুহুমীয়া পানী দি উতলিব দিলোঁ।শেষত গৰম মছলা এচিকুট দি নমাই গৰমে গৰমে পৰিবেশন কৰিলোঁ।
Priyanka Chaliha Bhattacharjee
Comments
Post a Comment