বনোৱাৰ প্ৰণালী হল--চিকেন খিনি ভালকৈ ধুই তাতে দুটা ডাঙৰ আলু টুকুৰা কৰি ললোঁ।নিমখ,হালধি,গুৰি জীৰা,ধনীয়া,গৰম মছলা সানি ললোঁ।পিয়াঁজ তিনিটা মিক্সিত পিছি ললোঁ।আদা নহৰু ও পিছি ললোঁ।আৰু গোটা লং,ইলাইচি, দালচিনি,জালুক অলপ খৰহকৈ, শুকান জলকীয়া দুটা পানীত তিয়াই থৈ পিছত মিক্সিত পিছি ললোঁ।এতিয়া কেৰাহী এটা গৰম কৰি লৈ তেল দি দুটামান পাস্ফোৰণ,শুকান জলকীয়া এটা,তেজপাত এটা দি পিছি লোৱা পিয়াঁজ খিনি দি তেল ওলোৱা লৈকে ভাজিলোঁ।আদা,নহৰু খিনিও দি ভালকৈ গোন্ধ অহাকৈ ভাজিলোঁ।
এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি ঢালি ভালকৈ লৰাই থাকিলোঁ।কম জুইত ঢাকোন দি সিজালোঁ।যেতিয়া চিকেন খিনি সিজি তেলতো ওলাই আহিব তেতিয়া আগতে পিছি থোৱা গোটা গৰম মছলা খিনি ঢালি লৰাই অলপ ঢাকোন দি পিছত অলপ পানী দি সিজাই পানী শুকুৱাই নমাই থলো। ৰুটিৰ লগতো এই মাংসৰ জুতি লব পাৰি।
Geetamoni Das Patar
Comments
Post a Comment