chiken_rezala


চিকেন 1/2kg ভালকৈ ধুই আদা নহৰু দু চামুচ গোটা দৈ ,নিমখ ,জীৰা পাওঁদাৰ সানি একঘণ্টা মান থৈ দিব লাগে।

6তা মজলীয়া আকাৰৰ পিয়াজ বটি লৈছোঁ।আধাকপ মান অলমণ্ড আৰু কাজু মিহিকৈ পেষ্ট কৰি লৈছোঁ।এক কাপ গোটা দৈ লৈছোঁ।

এতিয়া কেৰাহীত আধা কপ ghee গৰম হব দিছোঁ

এতিয়া এক চামুচ চেনী দিছোঁ।চেনী খিনি ceremelazied হোৱাত লং ,এলাচী ,ডালচেনি,তেজপাত,দিছোঁ।এতিয়া আগতে বটি থোৱা পিয়াঁজৰ পেষ্ট টু দি ভালকৈ ভাজিছোঁ।প্ৰয়োজন অনুসৰি অলপ আদা নহৰু দিব।ভালকৈ ভাজি আগতে মেৰিনেট কৰি থোৱা চিকেন খিনি দি কম জুইত ভালদৰে ভাজিব।

তাৰপাছত দৈ খিনি দি আৰু কিছু সময় ভাজিব।মচলাৰ পৰা তেল বিৰিঙি লে  অলমণ্ড আৰু কাজুৰ pest ৰ লগত এক কাপ পানী মিলাই দিব।ভালদৰে কিছু সমই উতলা ৰ পিছত অলপ cream মিলাই নমাই থব।এইটো চিকেনৰ ৰেচিপি ত নিমখৰ পৰিমাণ টু অলপ কমাই দিয়া হয়।ভাজোঁতে চেনী দিয়া হয়।কাজু অলমণ্ড আৰু পিয়াজ মিলি চিকেন টু টেষ্ট টু অলপ মিঠা হয়।


Monalisha Das

Comments