Chicken_shami_kabab
চিকেন কাবাব বনাবলৈ প্ৰথমে ১/২ কেজি চিকেনৰ keema বনাই ললোঁ। কেৰাহীত পানী গৰম হব দি তাত keema খিনি দিলোঁ। লগতে 2কাপ বুটৰ দাইল, হালধি, নিমখ, জলকীয়া গুৰি, জালুক, জীৰা,ধনীয়া,গোটা গৰম মছলা দি সিজিব দিলোঁ। পানী নোহোৱা হৈ শুকান হোৱাত গেছৰ পৰা নমাই থলোঁ। ঠাণ্ডা হোৱাত mixit দিলোঁ। শুকান মিশ্ৰণ খিনিৰ লগত 2টা কণী, আৰু অকণমান গৰম মচলাৰ গুৰি দিলোঁ। mixit পেষ্ট বনালোঁ। pest খিনিৰ সৰু সৰু লাড্ডু বনাই দুই হাতৰ তলুৱাৰে চেপি চেপেটা কৰি দিলোঁ। কাবাবৰ দৰে shape দিলোঁ। কণী ১টা ফেঁটি ললোঁ। প্লেট 1খনত চেৱৈ অলপ ললোঁ। কাবাব কেইটা প্ৰথমে কণীত লেটীয়াই লৈ চেৱৈ ত লেটিয়ালোঁ। কাবাব কেইটাৰ চাৰিওপিনে চেৱৈ লগাই দিলোঁ। গোটেই কেইটাত লগোৱাৰ পিছত অলপ সময় ফ্ৰীজত থলোঁ। ফ্ৰীজৰ পৰা উলিয়াই তেলত fry কৰিলোঁ। shami kabab ৰেডি হৈ গল।
Daisy Patowary
Comments
Post a Comment