hicken dry fry
প্ৰথমে মূৰ্গী মাংস খিনি 45 মিনিট মান নিমখ, হালধি আৰু চয়া চচ আন্দাজ মতে সানি ফ্ৰীজত ৰাখি থলোঁ। আদা, নহৰু, পিয়াঁজ জোখ মতে কাটি লৈ পেষ্ট বনাই ললোঁ। কেঁচা জলকীয়া ফালি ললোঁ অলপ পিয়াঁজ তেলত দিবৰ বাবে পেষ্ট নবনুৱাকৈ ৰাখিলো। এতিয়া কেৰাহী গৰম হোৱাত তেল দি তাত কুটি ৰখা পিয়াঁজ খিনি দি অলপ ভাঁজ খোৱাত আদা নহৰু ৰ পেষ্ট দি ভাজিলোঁ। ইয়াৰ পিছতেই ফ্ৰীজত ৰখা মাংস খিনি দি ভাজিলোঁ। পিয়াঁজ ৰ পেষ্ট আৰু কেঁচা জলকীয়া ও লগত দি ভাজিলোঁ। খুব কমকৈ জিৰা ধনীয়া ৰ গুৰি অলপ ছটিয়াই দিলোঁ।অলপ মান ভাঁজ খোৱাৰ পিছত জুই কমাই পুনৰ ভাজিলোঁ। এতিয়া নৰসিংহ ৰ পাত কেইখিলা দি দিলোঁ। আৰু অলপ মান ডাঙৰ কৈ টুকুৰা কৰি কাটি ৰখা পিয়াঁজ ৰ টুকুৰা কেইটামান দি লৰাই দিলোঁ।কেঁচা জলকীয়া ও আকৌ ফালি দিলোঁ। নৰসিংহ ৰ পাত ভাঁজ খোৱাৰ পিছত এটা খুৱ ধুনীয়া গোন্ধ আহিব আৰু নমাই লৈ গৰমে গৰমে পৰিবেশন কৰক।
Pubali Borgohain
Comments
Post a Comment