Chicken #Do #Piaza

#Nonveg 

#Chicken #Do #Piaza

#চিকেন #দ' #পিয়াজা


#চিকেন আধা কেজি ভালকৈ ধুই,দুচামুচ নেমৰ ৰস,আদা নহৰুৰ পেষ্ট তিনি চামুচ আৰু আধা চামুচ নিমখ দি আধা ঘন্টা ফ্ৰীজত ৰাখিলো।তাৰ পিছত পুনৰ সেইখিনিতে পুনৰ এক চামুচকৈ জিৰা গুৰি,ধনীয়া গুৰি,কাশ্মীৰি জলকীয়া গুৰি দিলো।এক চামুচৰ চাৰি ভাগৰ এভাগ জালুক গুৰি,দুচামুচ দৈ,গৰম মছলা,সামান্য চাহ জিৰা(বাধ্যতামূলক নহয়;এই বিলাক দিলে বহুত উচ্চ মানৰ হব,কিন্তুু স্বাস্থ্যৰ বাবে বৰ সুবিধাজনক নহয়) আৰু আধা চামুচ নিমখ দি পুনৰ আধা ঘন্টাৰ বাবে ফ্ৰীজত ৰাখিলো।

#কেৰাহি গৰম হোৱাত পাঁচ চামুচ সৰিয়হৰ তেল দি গৰম হোৱাত তিনিটা ডাঙৰ পিঁয়াজ কুতি দিয়া হল।সামান্য ৰঙচুৱা হোৱাত দুটা পকা বিলাহী দি গলি যোৱাত আধা চামুচকৈ জিৰা আৰু ধনীয়া দি মঙহ খনি দিলো।অ!আগতে চাৰিটা মধ্যমীয়া আলু দুফাল কৰি ফ্ৰাই কৰি লোৱা হৈছিল।অবশ্যে এইটো ৰেচিপিত আলু দিয়া নহয় যদিও ঘৰৰ ডিমাণ্ডত দিব লগা হৈছে।মঙহ খিনি মধ্যমীয়া জুইত ভালকৈ ৰান্ধিছো।অলপ লাগি ধৰাৰ দৰে লগাত পুনৰ তিনিটা পিঁয়াজ কুতি দিয়া হল।এনেদৰে পিঁয়াজ খিনি ভালকৈ সিদ্ধ হোৱাত(ৰঙচুৱা কৰা নাই)তিনি কাপ পানী দি উতল  আহিব দিলো।ধাকোন মাৰি ১৫ মিনিট মধ্যমীয়া জুইত থলো।মাজে মাজে লৰালো।সোৱাদ অনুযায়ী নিমখ দি(মনত থব,আগয়ে দুবাৰ নিমখ দি থৈছে)গ্ৰেভী হোৱাত নমাই পৰিবেশন কৰিলো।পৰিবেশনত চীজ বা ধনীয়া বা ক্ৰীম দিব পাৰে।মই কেবল আদা আৰু জলকীয়া দিছো।ভাল পালে জনাব দেই!আজিলৈ আহিলো।

©বিভাস দুৱৰা,ডিব্ৰুগড়।

Comments