লাইশাকৰ সৈতে মাছ

লাইশাকৰ সৈতে মাছ

   

 উপকৰণ:-

লাইশাক হাতৰ জোখাৰে এমুঠি

মাছ 2 পিচ

কঁঠালগুটি 4 টা

তেল 4 চামুচ

কেঁচা জলকীয়া 2 টা

আদা, নহৰু, নিমখ, হালধি, মানধনীয়া আন্দাজমতে।

    মাছ আধা ভাঁজি ললোঁ। সেই তেলতে কেঁচা জলকীয়া ফালি দি লাইশাকখিনি (কুটি) আৰু কঁঠালগুটি দি নিমখ, হালধি  দি  সিজাকৈ ভাঁজি গৰম পানী জোখমতে দি মাছ দিলোঁ আৰু কিছুসময় ঢাকোন দি উতলালোঁ। নমোৱাৰ আগত আদা, নহৰু থেতালি আৰু মান ধনীয়া কুটি দিলোঁ।


Babyrani Devi

Comments