কুমলীয়া ঔটেঙাৰ টক
ঔটেঙাৰ জ্বলা , মিঠা , টেঙা এইখন পালে মোক হ'লে একো নালাগে ইমানেই ভাল পাওঁ !!
উপকৰণ :
১.ঔটেঙা - চাৰিটা
২.চেনি - ৫ চামুচ ( কম বেছি কৰিব পাৰে )
৩ .জলকীয়া গুৰি - একচামুচ
৪.তেজপাত -এখিলা
৫.শুকান জলকীয়া - এটা
৬.ক'লা জিৰা -অকণমান
৭.লং, ডালচেনি - ২/৩ টা
৮.হালধি -নিমখ -কম পৰিমাণে
৯.তেল - ৩ চামুচ
প্ৰণালী :
প্ৰথমে ঔটেঙাৰ বাকনি বিলাক গুচাই টুকুৰা-টুকুৰ কৰি লৈ অলপ বয়ল কৰিলো (বেছি সিজাব নালাগে )। পানীৰ পৰা ফুটা থকা খৰাহী এটাত টুকি ৰাখিলো । কেৰাহীত তেল গৰম কৰি লং, ডালচেনি , শুকান জলকীয়া , তেজপাত আৰু ক'লা জিৰাৰে ফোৰণ মাৰিলো ।ঔটেঙা , নিমখ হালধি , চেনি আৰু জলকীয়া গুৰি দিলো ।উতলি চেনি গ'লি গৈ অলপ caramelized হ'ল তেতিয়া নমাই থলো ।
একে পদ্ধতিৰে গুৰ দিও ৰান্ধিব পাৰি ।
Surabhi Dutta
Comments
Post a Comment