মিছামাছৰ পকোড়া~
মিছামাছ- 150 গ্ৰাম,
বেছন- 100 গ্ৰাম,
পিঠাগুড়ি- 3 চামুচ,
বন্ধাকবি- সৰু বাতি এটাৰে এবাতি,
কেচাজলকীয়া- 5-6 টা,
পিয়াজ- ডাঙৰকৈ এটা,
নিমখ, হালধি- আন্দাজমতে,
খোৱা চ’ডা- এচিকুট ৷
প্ৰথমতে মিছামাছখিনি নিমখ হালধি সানি মছমছীয়া হোৱাকৈ ভাজি ললো ৷ অকমান ঠাণ্ডা হোৱাৰ পিচত আটাইখিনি বস্তু এটা বাতিত লৈ পানীৰে একেলগে গোটাকৈ সানি ললো ৷ এইবাৰ এটা কেৰাহীত তেল ভালকৈ গৰম কৰি লৈ হাতেৰে মিশ্ৰনটো অলপ অলপকৈ লৈ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ললো ৷ এতিয়া নমাই গৰমে গৰমে সন্ধিয়া চাহকাপৰ লগত পৰিবেশন কৰিলে হ’ল ৷
Mira Das
Comments
Post a Comment