#হাঁহৰ মাংসৰ গ্ৰেভী

#হাঁহৰ মাংসৰ গ্ৰেভী


হাঁহৰ মাংস 500গ্ৰাম ধূই এটা বাটিত 1চামুচ জিৰা গুৰি,1চামুচ ধনীয়া গুৰি,1চামুচ আদাৰ ঠেতেলি লোৱা,2চামুচ নহৰু ঠেতেলি লোৱা আৰু 2টা পিয়াজ সৰু সৰু কৈ কুটি লোৱা, মি়ঠাতেল 2চামুচ হালধী আৰু নিমখ আন্দাজ মতে লৈ মেৰিনেট কৰি 15মিনিটমান থৈ দিলো।

2টা আলু টুকুৰা টুকুৰ কৈ কাটি ললো। এতিয়া এখন কেৰাহীত 3চামুচ তেল ( কম পৰিমানত তেল লৈছো কাৰন হাহৰ মাংসত ভাজিলে তেল ওলাই )ভালকৈ গৰম হ'ব দি এটা শুকান জলকীয়া দি তাতে কুটি লোৱা 1টা পিয়াজ ৰঙা কৈ ভাজি মাংস খিনি দি লৰাই ঢাকি দিলো।

গেছ টো চিমত দি মাজে মাজে লৰাই তেল বিৰিঙিলত আলু দি লৰাই আকৌ ঢাকি 15মিনিটমান ৰাখিলো।আলু সিজা য়েন হ'লত 2টা জলকীয়া আৰু 1টা পিয়াজ ফালি দি আকৌ লৰাই অলপ পানী দি উটলি যেতিয়া ঘন হ'ল তেতিয়া বটি লোৱা গৰম মচলা দি নমাই থৈ পৰিবেশন কৰিলো।##


Kalyanee Hazarika

Comments