#বাটাৰ_চিকেন
#গাৰ্লিক_নান
বাটাৰ নানৰ বাবে আধকাপ কুহুমীয়া পানীত আধাচামোচ ইষ্ট,এচামোচ চেনী মিলায় থৈ দিলো|দুকাপ ময়দাত অকনমান নিমখ মিলাই ইষ্ট দিয়া পানী খিনিৰে মিলায় ল'লো|প্ৰয়োজন অনুসৰি অলপ পানী আৰু ৰিফাইন অলপো দিলো|এতিয়া ভালদৰে মঠি ঢাকি থৈ দিলো|এঘন্টা মানৰ পিচত,অলপ শুকান ময়দা লগায় বল বনায় বেলি ল'লো|এতিয়া ৰুটিৰ ওপৰফালে আধাখুন্দা নহৰু আৰু মানধনিয়া(কাটিলোব়া)লগায় লাহেকৈ বেলি দিলো যাতে নহৰুখিনি ৰুটিটোত লাগি ধৰে|টাব়া গৰম কৰি লৈ নহৰু নলগোব়া ফালে পানী লগায় ভালকৈ দি দিলো|নান ফুলি অহাত ওপৰ ফালে বাটাৰ লগায় টাব়াখন ওলটায় জুইত সেকি দিলো|নান ৰেডি|
#বাটাৰ_চিকেন
মাংসখিনি ধুই আদা-নহৰুৰ পেষ্ট,নিমখ আৰু জলকীয়া গুৰি লগায় ১৫ মিনিটমান থৈ দিলো|এতিয়া কেৰাহীত তেল দি মাংসখিনি ভাজি ৰাখি দিলো|একেখন কেৰাহীতে অলপ বাটাৰ দি পিঁয়াজ বিলাহী দি ভাজিলো|কাজুঅলপো দিলো|গৰম মচলা,জলকীয়া গুৰি,প্ৰয়োজন অনুসৰি নিমখ,হালধি,অলপ চেনী দি ভালদৰে ভাজি,অলপ পানী দিলো|উতল অহাত,ভেনিলা এচেঞ্চ দি ঠান্ডা হোব়াত মিক্সিত পেষ্ট বনায় ল'লো|এতিয়া,কেৰাহীত অকনমান বাটাৰ দি পেষ্টখিনি দিলো|ভাজিৰখা মাংসখিনি দি অলপ উতলিবলৈ দিলো|ক্ৰিম আৰু কচুৰী মিথি দি নমায় থ'লো|
Swapnali N. Borgohain
Comments
Post a Comment