#চিকেন_সিন্ধা
250 গ্ৰাম ব্ৰইলাৰ কুকুৰাৰ মাংস সামান্য নিমখ আৰু হালধি সানি ললো ৷ কেৰাহীত সৰহকৈ তেল গৰম কৰি তাত deep fry কৰি ললো ৷ মাংসৰ ৰং সলনি হোৱাত মাংস খিনি তেলৰ পৰা উঠালো ৷ ১০/১৫ মিনিট মান ভাজিলে হৈ যায় ৷
তেলত তিনিতা পিয়াজ মিহিকৈ কুটি দি ভাজিলো বাদামী ৰং হোৱালৈ ৷ আৰু তাৰ পিচত তাত বিলাহী দুটা সৰু সৰু কৈ কুটি দিলো৷ আৰু অলপ সময় লৰাই তাত সামন্য হালধি ,নিমখ ( নিমখ কম কৈ দিছো কাৰন চিকেন ফ্ৰাই কৰোতে দিয়া হৈছিল ) ,আদা নহৰু কেঁছা জলকীয়া বটা ২ চামুচ ,জিৰা ,জালুক বটা এচামুচ ,কাশ্মীৰী জ্বলা গুৰি ,ধনিয়া গুৰি ,মিট মচলা আটাইবোৰ দি অলপ সময় ভাজিলো ৷ মচলা জ্বলি ব পাৰে বাবে অলপ পানী দিছো ৷ পিয়াজ ,বিলাহী গলি তেল ওলাব ধৰাত তাত দুকাপ পানী দি ঢাকোন মাৰি ১০ মিনিট মান থলো মধ্যমা জুইত ৷ তাৰ পিচত তাত ভজা মাংস খিনি দি আকৌ একাপ পানী দি ঢাকোন মাৰি থলো ৷ 15/20 মিনিট মানৰ পিচত ৰেডি হয় ৷ মাজে মাজে লৰাই আছো।
Manash Jyoti Mishra
Comments
Post a Comment