ৰাজমাহ

ৰাজমাহ


   #ৰেচিপি,,,,,একেবাৰে কম মছলা যুক্ত ,,,প্ৰথমে ৰাতিয়ে তিয়াই ৰখা ৰাজমাহ খিনি পেচাৰত পানী আৰু নিমখ দি বইল কৰি ল'লো,,,,বিলাহী দুটা কাটি ল'লো,আদা,নহৰু পেষ্ট বনাই ল'লো,পিয়াজ ডাঙৰ চাই দুটা পেষ্ট কৰি ল'লো,গোটা জিৰা অলপ ভাজি 1 চামুচ গুৰি কৰি ল'লো,কেচা জলকীয়া কেইটা মান ফালি ল'লো|


      কেৰাহিত তেল দি অলপ চেনী দিলো ৰঙা হোৱাত তেজপাত এখিলা দি পিয়াজ আৰু আদা নহৰু পেষ্ট দি অলপ ভাজি হালধী,জিৰা গুৰি,কেচাজলকীয়া, নাম মাত্ৰ ধনীয়া আৰু জলকীয়া গুৰি, এচিকুত হিং গুৰি দি ভাজি কটা বিলাহী খিনি দিলো, বিলাহী গলি যোৱাত তেল এৰাত চাইদত অলপ পানী চতিয়াই পেচাৰত  বইল কৰা ৰাজমাহ পানীৰ সৈতে ধালি দি উতলিব দিলো,,,উতলি গ্ৰেভী হোৱাত নমাই দিলো,,,,


Sum Pahi

Comments