#তিলেৰে মূৰ্গী মাংস
সামগ্ৰী: ১/ মুৰ্গী মাংস- ৭০০গ্রাম
২/ পিয়াজ- ৩টা
৩/ আদা- নহৰু
৪/ মিঠাতেল
৫/ তিল- 5চামুচ
৬/ ধনীয়া গুৰি- জিৰা গুৰি- জালুক গুৰি
৭/ হালধী
৬/ নিমখ
প্রণালী: প্ৰথমে মাংস খিনি ধুই নিমখ হালধী অলপমান মিঠাতেল আৰু গুৰি মচলা খিনি দি ভালদৰে মথি প্ৰায় আধাঘণ্টা মান সময় merinate কৰি ৰাখিলো freez ত। তিলখিনি কেৰাহী এখনত অলপমান গৰম কৰি pest বনাই ললোঁ। এতিয়া এখন কেৰাহীত তেল গৰম কৰি কাটি লোৱা পিয়াঁজখিনি দিলোঁ। পিয়াজ খিনি অলপমান golden colour হওঁতে তাত আদা নহৰু pest খিনি দি দিলোঁ।
অলপ ভাজি merinate কৰি ৰখা মাংস খিনি দি দিলোঁ। এতিয়া লৰাই কম জুইত সিজিব দিলোঁ। মাজে মাজে ঢাকোন খন আঁতৰাই লৰাই থাকিলোঁ। প্ৰায়৪০মিনিট মান সময় ভালকে মাংস খিনি fry হোৱাৰ পিছত তিলৰ pest খিনি তাত দি দুই কাপ পানী দি দিলোঁ। ঢাকোন মাৰি ১৫মিনিট সিজিব দিলোঁ। পানী শুকাই যোৱাত গেছ অফ কৰি কাঢ়ি থৈ ওপৰত মানধনীয়া ৰে garnis কৰিলোঁ।
গৰম ভাতৰ লগত পৰিবেশন কৰিলোঁ।
Jahnabi Borah
Comments
Post a Comment