#নৰসিংহ পাতৰ সৈতে মাগুৰ মাছৰ জালুকীয়া
#মাটিমাহ-নৰসিংহ পাতৰ বৰা
(২জনৰ হিচাপত )
১৷ নৰসিংহ পাতৰ পেষ্ট সৰু বাতিৰে এবাতি
২৷ মাগুৰ মাছ ৪টুকুৰা
৩৷ আদা পেষ্ট আধা চামোচ
৪৷নহৰু পেষ্ট এক চামোচ
৫৷পিয়াজ
৬৷জালুকৰ গুৰি এক চামোচ
প্ৰনালী: নৰসিংহৰ পেষ্ট খিনি ৩কাপ মান পানী দি উতলাই ললো৷ তাৰপাছত হালধিসনা মাছ কেইটুকুৰা
হাফ ফাই কৰি কাঢ়ি লৈ সেই তেলতে মিহিকৈ পিয়াজ বাদামী হোৱাত নহৰু আদাৰ পেষ্ট দি গোন্ধ ওলোৱাত অলপ হালধি দি লৰাই নৰসিংহ খিনি বাকি দিলো, নিমখ জোখ মতে দিলো ৷উতলোতে মাছ কেইটুকুৰা দি ঢাকি দিলো ৷ জোল অলপ ডাঠ হবলৈ লোৱাত জালুকৰ গুৰি দি ২মিনিট মানৰ পাছত নমাই থলো ৷ উপস্থাপন ভাল হোৱা নাই ৷ টেষ্ট কিন্তু ভালেই হৈছিল , বুঢ়া মাগুৰতো ৷
২৷ মাটিমাহৰ বৰা : টিয়াই থোৱা মাটিমাহ অলপ ভালদৰে বাকলি ধুই মিক্সাৰত দি ললো৷(বেছি গুৰি কৰা নাই মই) তাতে মিহিকৈ কুটা এটা পিয়াজ, জলকীয়া অলপ, কুমলীয়া নৰসিংহ পাত অলপ , বেচন এক চামোচ, এচিকুট হালধি, নিমখ আণ্ডাজমতে ৷ সকলো বোৰ ভালদৰে সানি আধাঘণ্টা মান ৰাখি তাৰপাছত তেলত ডুব যোৱাকৈ এটা এটাকৈ ৰঙচুৱাকৈ ভাজিলো৷
Rimpi Boruah
Comments
Post a Comment