# সাধাৰণ ভাৱে বনোৱা মুৰ্গীৰ মাং
# ৰেচিপি :- আলু অলপ আগে হালধি নিমখ সানি ভাজি ললোঁ । আদা নহৰু জিৰা জালুক সকলো সুকীয়া কৈ পিছি ললোঁ ।লং ,ডালচেনী ,ইলাচি মিলাই পিছি ললোঁ । কেৰাহী এখন গেছত বহাই তাত সৰিয়হৰ তেল দি তেজপাত দি কুটা পিয়াজ অলপ দি আদা ,নহৰু পিছা খিনি দি হালধি ,নিমখ কেচা জলকীয়া দুটামান দি ভালদৰে ভাজি মাংস খিনি দি লৰাই তাত জিৰা জালুক পিছা আৰু আলু খিনি দি কম জুইত লৰাই লৰাই মাংস আধা সিজালৈ ভাজি থাকিলোঁ ।
তাৰ পিছত তাত গৰম পানী মাংস খিনি দুৱ যোৱাকৈ দি ঢাকনি লগাই জুই বঢ়াই উতলিব দিলোঁ ।ভালদৰে উতলি থাকোতে মাজতে গৰম মচলা পিছা খিনি দি পুণৰ ঢাকনি লগাই মধ্যমীয়া জুইত মাংস সিজালৈ উতলিব দিলো ।পানী কমি মাংস সিজিলে গেছ বন্ধ কৰি দিও ।
ইয়াৰ পিছত জৰজৰিয়া কৈ ৰন্ধা গৰম ভাতৰে একাহী মাৰি দিওঁ ।মোৰ বৰ প্ৰিয় এইখন ।কেতিয়াবা কিছুমান দিনৰ বাবে কৰোবাত ফুৰিবলৈ গলে আলুসনা ভাত কেইটাৰ লগতে এইখন আঞ্জা বৰ মনত পৰে ।ঘৰলৈ ঘূৰি আহি এই খন দি ভাত খাই বৰ শান্তিপাওঁ ।
©Rima Borah
Comments
Post a Comment