বিলাহী টমেট চ'চ আৰু সৰিয়হৰে টেঙা মিঠা মাছৰ জোল

 বিলাহী টমেট চ'চ আৰু সৰিয়হৰে টেঙা মিঠা মাছৰ জোল৷

মাছ কেই পিচ ভালকৈ ধুই ফ্ৰাই কৰি ললো৷আলু দীঘলীয়াকে কাটি ললো৷পিয়াঁজ,নহৰু ২ফোট,কাটি ললো৷বিলাহী অলপ বেচিকে কাটি ললো৷যাতে কালাৰও হয় আৰু টেঙাও হয়৷

 এতিয়া সেই তেলতে কলা সৰিয়হ ফোৰন দি পিয়াঁজ,নহৰু দি বিলাহী দিলো৷নিমখ,হালধিআকনমান জলকীয়া গুৰি টমেট চ'চ ২চামুচ দি আলু খিনি দিলো৷অলপ পানী দি মাছ কেই পিচ দি উতলিব দিলো৷অলপ পানী কমি যোৱাত নমাই থলো৷


Nabajani Saikia

Comments