#জিৰা_মাছ
বনাবলৈ অতি সহজ আৰু খাবলৈ ও অতিকে সুস্বাদু হয় এই জিৰামাছ । ডাঙৰ মাছৰ টুকুৰা কেইটামান (মই ভকুৱা মাছ লৈছো) ভালকে ধুই নিমখ হালধী সানি অলপ সৰহ কৈ তেলত কাঢ়া কৈ ভাজি টুকি ললোঁ । এতিয়া সেইটো তেলত বতি লোৱা জিৰা এবাটি , বতি লোৱা জলকীয়া অলপমান ( যি পৰিমান ৰ খাব পাৰে ) , হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি ভাল দৰে তেলত ৰঙচুৱা ভাজি ললো যেতিয়া লৈকে মচলাৰ পৰা তেল বেলেগ নহয় । এই সময়ছোৱা ত জুইৰ পৰিমাণ অলপ কমাই ৰাখিব লাগে ।
এতিয়া একাপ মান পানী মচলাখিনিত দি ভাঁজি ৰখা মাছ কেইপিচ দি উতলিবলৈ দিলো । ভালদৰে উতল আহিলত জুই কমাই দিলো আৰু পানী শুকাই যাব দিলো । পানী শুকাই যেতিয়া মচলখিনি থূপ থুপিয়া হৈ মাছ কেইটুকুৰা ত লাগি ধৰিছে তেতিয়া নমাই ৰাখি ধনীয়া পাত ছটিয়াই দিছোঁ ।
Dhira S Borah
Comments
Post a Comment