#Bashonti Pulau#Chicken Kosha#Bangali cuisine

বাসন্তী পোলাওৰ বাবে  দুকাপ  জহা চাউল ভালদৰে  ধুই জালি খৰাহী এটাত পানী  টুকি জৰজৰিয়া হোৱালৈ থৈ  দিলো। এতিয়া  ডাঙৰ পাত্ৰ এটাত চাউল খিনি লৈ তাত  এচামুচ আদা  বটা, চাৰি চামুচ চেনি(মিঠা বেছি খোৱা সকলে চেনি সৰহকৈ দিব পাৰে) , দুচামুচ নিমখ, দুই  টেবুল  চামুচ গৰু ঘিঁউ, এচামুচ হালধি দি ভালদৰে মিহলাই এঘন্টা সময় ঢাকি  থলো। 

কেৰাহীত গৰু ঘিঁউ দুচামুচ দি তাত গোটা  গৰম মছলা (লং, ইলাচী, দালচেনি), তেজপাত এখিলা, শুকান জলকীয়া দুটা দি ধুনীয়া গোন্ধ ওলোৱাত, কাজু কেইটামান ৰঙাকৈ ভাজি লৈ, চাউলখিনি দি মধ্যমীয়া জুইত একেৰাহে লৰাই থাকি ভাজি লৈ  চাৰি কাপ উতলা গৰম পানী দি, তিনি  চাৰিটা গোটা কেঁচা জলকীয়া দি,  জুই একেবাৰে  কমাই ঢাকোন  দিলো। ৫ মিনিট মান পিছত আকৌ এবাৰ সাবধানে লৰাই পুনৰ  ঢাকোন  দিলো।  পানী  শুকাই,  চাউল সিজি জৰজৰিয়া হোৱাত জুইৰ পৰা নমাই থলো। 


#চিকেন কসাৰ(জ্বলা) বাবে মাংস খিনিত( এক কেঃজিঃ)  অলপ মান  হালধি, জিৰা ধনীয়া গুৰি,নিমখ,আৰু অলপ তেল দি মেৰিনেট কৰি  আধা ঘণ্টা সময় থৈ দিলো ।

কেৰাহীত তেল গৰম কৰি তাত গোটা গৰম মছলা, তেজপাত, দি তিনিটা ডাঙৰ কুটা পিঁয়াজ জি ৰঙাকৈ ভাজি আদা নহৰু পেষ্ট ১ টেবুল চামুচ দি ভালদৰে ভাজি বিলাহী কুটা  দিলো। বিলাহী সিজাত জিৰা ধনীয়া গুৰি, হালধি, জলকীয়া গুৰি আৰু কাশ্মিৰী জলকীয়া গুৰি (ৰঙৰ বাবে) দি  ভালদৰে তেল বিৰিঙি অহা লৈকে ভাজি মাংসখিনি দি লৰাই ঢাকোন দিলো। মাজে মাজে লৰাই থাকিলো। মাংস খিনি আধা  সিজাত একাপ দৈ দিলো, অলপমান চেনি দি  পুনৰ  লৰাই  ভাল দৰে  ভাজি, চিকেন মছলা দি লৰাই  নামমাত্ৰ পানী দিলো। চিকেন কসাত গ্রেভী একেবাৰে নামমাত্ৰ (নথকাৰ নিচিনাই)হয়। মাংস ভালদৰে সিজাত জুইৰ  পৰা  নমাই  থলো। 

#বাসন্তী পোলাও আৰু  #চিকেন কসা একেলগে  চার্ভ কৰিলো।


Ashanina Borpatra Gohain

Comments